অনুসন্ধান আকাংক্ষাত

Friday, August 31, 2012

আই সৰস্বতী অ’ ৰংফুল বকুলী




নাৰী কণ্ঠ :   আই সৰস্বতী অ

ৰংফুল বকুলী

তোমালৈ মানি যাও কি


ভূ.হা. :        বোলো কি ?


নাৰী কণ্ঠ :   তোমালৈ মানি যাও শুকুলা ছাগলী

মাহে পৰমানে দি মিলনদৈ

যতি মিলনদৈ

যতি মিলনদৈ

বাখৰ কলিদৈ

বাখৰ কলিদৈ

আৰু মঙলদৈ

মাহে পৰমানে দি

.....


ভূ.হা. :        লা চোলা কুৰুতা (কুৰ্তা ?)

গুদাম আছে চাৰিটা

চাৰিও চাৰিকে চৰে

হুৰৰৰৰ.....

লা চোলা কুৰুতা

গুদাম আছে চাৰিটা

চাৰিও চাৰিকে চৰে

এই জনীৰ চকুলৈ চাবকে নোৱাৰি

জালুক জলকীয়াই পোৰে মিলনদৈ

শশী মিলনদৈ

শশী মিলনদৈ

বাখৰ কলিদৈ

বাখৰ কলিদৈ

আৰু মঙলদৈ

জালুকে পোৰাদি পোৰে

.......


নাৰী কণ্ঠ :   যাঃ এইদাল নাহিবি

যাঃ দূৰতে থাকিবি

যাঃ এইদাল নাহিবি

যাঃ দূৰতে থাকিবি

মোৰ পিনে নেচাবি একা

যাঃ কৰেনো গেন্ধেলা

গেন্ধেলা নে পেদেলা

যাঃ কৰেনো গেন্ধেলা

গেন্ধেলা নে পেদেলা

একে ভুকুত ককাল হব বেকা


.......


ভূ.হা. :        পিৰিটি কি বস্তু চিনিব নোৱাৰি

হে কোনজন ঈশ্বৰৰ মায়া

হে তুমি নকৰিলে কৰোতা নাই মোৰ

হে ভাতি বয়সতে বিয়া


নাৰী কণ্ঠ :   পান বৰিযালৰ (?) পান ঐ নানিবি

নানিবি গুৱালৰ দৈ

গামখাৰু আনিলেও তোৰদৰে বুঢ়াটোক

কাহানিও নোবোলো পৈ


ভূ.হা. :        হেইইইইই

ম‍ইনাজান ম‍ইনাজান

হে বিয়া বাৰু নকৰাও

হে ম‍ইনাজান ম‍ইনাজান

পলুৱাই নিম তোক

হে নেলাগে হোমৰে জুই

হে ম‍ইনাজান ম‍ইনাজান

হে তোৰদৰে নাচনীক

হে পলুৱাই নিনিলে

হে ম‍ইনাজান ম‍ইনাজান

হে মৰিমে বৰলা হৈ

....


নাৰী কণ্ঠ :   কি কলি কি কলি

মোক নিবি পলুৱাই

কি কলি কি কলি

মোক নিবি পলুৱাই

তোৰ তেনে সাহস ফেৰা আছে

পলুৱাই নিলেহ পুৰুষ বুলি ভাবিম ঐ

পলুৱাই নিলেহ পুৰুষ বুলি ভাবিম ঐ

লৰি যাম তোৰ পাছে পাছে

.....


ভূ.হা. :        ৰাজগড়ৰ হাবিতে মাতি ম‍ই পোৱা নাই

মোৰ নামে ওলাইছে পটা

ৰাজগড়ৰ হাবিতে মাতি ম‍ই পোৱা নাই

মোৰ নামে ওলাইছে পটা

তোমাকে পলুৱাই নিবই যে লাগিব

নহলে জীৱনটো বৃথা মিলনদৈ


দ্বৈত কণ্ঠ:    শশী মিলনদৈ

শশী মিলনদৈ

বাখৰ কলিদৈ

বাখৰ কলিদৈ

আৰু মঙলদৈ

নহলে জীৱনটো বৃথা




(ইউনিক'ডীয় ৰূপান্তৰ- দীপা ডেকা)


বোলছবি →     অপৰূপা (১৯৮২)
পৰিচালক →     জাহ্নু বৰুৱা (প্ৰথম পৰিচালনা)
সংগীত পৰিচালক → ভূপেন হাজৰিকাই
কণ্ঠ →      বন্দনা বৰা আৰু ভূপেন হাজৰিকা

No comments: