অনুসন্ধান আকাংক্ষাত

Thursday, August 30, 2012

অনামিকা বিদায়, তোমাক জনাওঁ বিদায়



অনামিকা বিদায়, তোমাক জনাওঁ বিদায়,

অনামিকা বিদায়, তোমাক জনাওঁ বিদায়,

মিঠা সপোনৰ বিলাস ঘৰ, মিঠা সপোনৰ বিলাস ঘৰ

তোমাক লৈয়েই যে গঢ়াৰ সময় যে নাই,

অনামিকা বিদায়, তোমাক জনাওঁ বিদায় |





আহত আকাশ কতো নাই শোক,

হতাশাত ভাগি পৰা মানুহৰ মুখ;

আহত আকাশ কতো নাই শোক,

হতাশাত ভাগি পৰা মানুহৰ মুখ

মনৰ চেতাৰ কোনো শুনোতা যে নাই

মনৰ চেতাৰ কোনো শুনোতা যে নাই

অনামিকা বিদায়, তোমাক জনাওঁ বিদায় |



জোন ডুবি গল আজি আঁউসী ৰাতি

ধুমুহাত সৰি গল ফুল ;

জোন ডুবি গল আজি আঁউসী ৰাতি

ধুমুহাত সৰি গল ফুল |

প্ৰেমৰ কবিতা বাৰু কিদৰে লিখোঁ

প্ৰেমৰ কবিতা বাৰু কিদৰে লিখোঁ,

সকলোতে হৈ যায় ভুল |

শেৱালি সুবাশ লৈ নাহে যে বতাহ,

আহিও উভতি যায় কাল মধু মাহ;

শেৱালি সুবাশ লৈ নাহে যে বতাহ,

আহিও উভতি যায় কাল মধু মাহ;

দূৰণিত ফেকুৰিছে নিঠুৰ চানাই,

দূৰণিত ফেকুৰিছে নিঠুৰ চানাই,

অনামিকা বিদায়, তোমাক জনাওঁ বিদায়,

অনামিকা বিদায়, তোমাক জনাওঁ বিদায় |

মিঠা সপোনৰ বিলাস ঘৰ, মিঠা সপোনৰ বিলাস ঘৰ

তোমাক লৈয়েই যে গঢ়াৰ সময় যে নাই,

অনামিকা বিদায়, তোমাক জনাওঁ বিদায় |




(ইউনিক'ডীয় ৰূপান্তৰ- দীপাংকৰ চেতিয়া)

No comments: