অনুসন্ধান আকাংক্ষাত

Thursday, August 30, 2012

অ’ নতুন মনৰ তৰুণ তৰুণী



নতুন মনৰ তৰুণ তৰুণী বুজিছো তোমাৰ চকুৰ চাৱনী

নতুন মনৰ তৰুণ তৰুণী

বুজিছো তোমাৰ চকুৰ চাৱনী

সমুখা সমুখী দুয়ো কিবা প্ৰকাশ কৰাৰ মন

বুকুৱে খুজিলেও মুখেৰে নুফুটে কটোৱা নিৰৱ ক্ষণ

 মৌণ সময় ভাল লগা হৈ য়ায় মৰম

মৰম হৈ যায় ভাল পোৱা জনা, নজনা, অভিজ্ঞতা,  অনঅভিজ্ঞতা

 মিলি মিলি মিলি হয় মৰমৰ বিশাল সাগৰ .

কৈশোৰ আৰু যৌবনৰ মাজৰ

কৈশোৰ আৰু যৌবনৰ মাজৰ

ঘনে কঁপে আজি  সাঁকো খন

তাতে  ঠিয়হৈ দুয়ো বাহু মেলি দিছা

সাগৰ সিঁচিবৰ মন

চকুৰ পতাত লাজ আছে

আছে মিলনৰ বাসনা

সমাজৰ ভেদাভেদ নীতি  দেখি  পোৱা তীব্ৰ যাতনা

হে মোৰ প্ৰভাত সূৰ্য্য সম তৰুণ তৰুণী

ধৰি হেজাৰ হেজাৰ বছৰ শ্ৰণী সংঘৰ্ষত 

শাসক শোষিতৰ, ধনী দুখীয়াৰ, পোৱা নোপোৱাৰ

তুমি নতুন মানুহ , তোমালোক নতুন কবিতা

নতুন গীতি কবিতা সুৰ হল তাত গৌণ, চিন্তাহে মূখ্য

আশাৰ সংগীতক কবৰ দিব খোজা অঔৰংজেৱআজিও আছে

এই সমাজতে ,

মানব প্ৰেমৰ সংগীতক শিৰত তুলি সন্মান যচা মহা মতি আকবৰ আজিও আছে

 এই সমাজতে |

সমাজ শিল্পী শংকৰ দেৱ আজিও আছে এই সমাজতে,সুৰৰ বৈৰী নাশি নাশি |

মোহনদাসৰ ৰামৰাজ্যৰ শত শত শপ্নৰ কৰে লন্ডভণ্ড

তুমি দেখিছা ময়ো দেখিছো এই মুখা পিন্ধা ৰাৱণৰ বিকৃত চন্দ,

কৰা বন্ধ

ৰক্ত  ৰঙা সাহসলৈ অগণন

সূৰ্য্য পুত্ৰৰ ছোৱা অগমণ

উত্তপ্ত ধৰণী, উত্তপ্ত ধমনী

পুৱাব ৰজনী প্ৰজ্জলিত কৰা প্ৰজ্জলিত কৰা

সমতাৰ অগনি হে তৰুণ তৰুণী ..

অ সূৰ্য্য সম তৰুণ তৰুণী

বুজিছো তোমাৰ চকুৰ চাৱনী

অ সূৰ্য্য সম তৰুণ তৰুণী

বুজিছো তোমাৰ চকুৰ চাৱনী

সেয়ে নিৰ্ভয়ে কৰি যোৱা নিজ হাতেৰে

এই সমাজক  সলনি

অ সূৰ্য্য সম তৰুণ তৰুণী

অ সূৰ্য্য সম তৰুণ তৰুণী




(
ইউনিক'ডীয় ৰূপান্তৰ -বনজীত্‍ পাঠক)

No comments: