সোণৰ শৰাই
ৰূপৰ শৰাই
হীৰা মাণিক
সজাই পৰাই
ললোঁ
তোৰ সভালৈ গলোঁ ৷
আথেবাথে থলোঁ ৷
তোৰ সভাত হীৰাৰ পোহৰ
জয় পৰি গ’ল,
সোণৰ শৰাই
ৰূপৰ শৰাই
ক’লা
পৰি ৰ’ল ৷
মোৰ খোপাত থকা
গুটিমালী
তোৰ সভাতো আছিলে ফুলি,
তাৰ
কেঁচাবৰণ আছিলে উজলি ৷
তাকে লাহে লাহে
তোক দিলোঁ পাহে
পাহে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment