সোণ মইনী
সোণ মইনী
মোৰ গানটো চিনি পাৱ
নাগাওঁ বুলি ঘুৰাই পকাই
যি গানটো গাৱ
তাক নো চিনি পাৱ ৷
সেই গানটো আছিল
মোৰ কোঠালিত
তোৰ কথাকে কৈ
তই আছিলি শেৱালি তলত
অকলশৰে ৰৈ
দেখি সি লাহেকৈ
খিড়িকিয়েদি গ’ল
তোৰ খোপাৰ আঁৰত ৰ’ল
তাক তই নাগাওঁ বুলি গাৱ
মোৰ গানটো চিনি নোপোৱাকৈ
মোলৈ কিয় চাৱ ?
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ০৭/১০/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment