অনুসন্ধান আকাংক্ষাত

Friday, August 31, 2012

আজি জীৱনৰ বাটচ'ৰাত অস্তৰ'দৰ ৰেঙণি



আজি জীৱনৰ বাটচ'ৰাত

অস্তৰ'দৰ ৰেঙণি

পাহৰণিৰ মেঘৰ মাজেৰে

সোঁৱৰণি সোণালী।


ৰ'দ জলমল দিনৰ শেষত


চকা যে পাটত বহিবই

জীৱনৰ এই যাত্ৰাপথত

জিৰণিৰ বেলা আহিবই,

এয়েতো নিয়ম নাজানো ইয়াৰ

ব্যতিক্ৰম হয় কি।

আজি জীৱনৰ বাটচ'ৰাত...



পুৱাৰ হিচাপ কৰি কিবা লাভ

দিব নোৱাৰিলোঁ যদিহে

যিবা দিলোঁ তাক দিলোঁ নিশ্চয়

বহু উদাৰ মনেৰে,

সময়লে থ'লোঁ বিচাৰৰ ভাৰ

সময় সত্য জানি।

আজি জীৱনৰ বাটচ'ৰাত....



(ভূপেন হাজৰিকাদেৱৰ গীত)

(ইউনিক'ডীয় ৰূপান্তৰ- গীতার্থ বৰদলৈ)

No comments: