অনুসন্ধান আকাংক্ষাত

Friday, August 31, 2012

এ ৰংপুৰৰ ৰংমন বিহুলৈ আহিলে ... চাঙৰ চিৰা পিঠা (বিহু গীত)




এ ৰংপুৰৰ ৰংমন

বিহুলৈ আহিলে

ঐ এবেলা এমুঠি খাই,

হে গড়গঞাঁ নাচনী

আহে জাকে পাতি,

এ আমাৰ বিহুত

আমনি নাই |     (...ভূ:হা:)



চাঙৰ চিৰা পিঠা অ মাজনী ঐ

আনা মোৰে লাহ..লাহৰী

আনা মোৰে লাহ..লাহৰী

দুয়োনো একে লগে খাওঁ  |  (..২বাৰ, ভূ:হা১, পু:স:)



(এ) কাক বাঁহৰ কৰীয়াত অ মাজনী অ

চিৰানো ভৰাই দিয়া

চিৰানো ভৰাই দিয়া

বঙালী মহৰ খুটিলৈ যাওঁ  |  (..২বাৰ, ভূ:হা১, পু:স:)



বকুল বৰা ধানৰ এ চেনাইটি

চিৰানো খুন্দিছিলোঁ

চিৰানো খুন্দিছিলোঁ,

মখনা গাখিৰৰে দৈ |  (...নাৰী১, না:স:১)



তুমি যে নহলে এ চেনাইটি

খাবকে মই নোৱাৰোঁ,

খাবকে মই নোৱাৰোঁ

থাকোঁ চেনাই আগতে লৈ |  (...নাৰী১, না:স:১)



হালে বাব টানি অ মাজনী ঐ

ঘৰত নাই মোৰ ৰো-ৰোৱনি

ঘৰত নাই মোৰ ৰো-ৰোৱনি

সদাই নো বালি বোকা লাগে |  (..ভূ:হা:১, পু:স:১)



হে পইছা দিলে ৰোৱনী অ মাজনী ঐ

আহে নো ক-কত জনী,

আহে নো ক-কত জনী

পথাৰতে মেল মাৰি থাকে |  (..ভূ:হা:১, পু:স:১)



হে তোমালৈয়ে বুলি এ চেনাইটি

গুটি ফুলৰ গা-গামোচা

গুটি ফুলৰ গা-গামোচা

বুকুৰ নো মৰমেৰে বলোঁ |   (...নাৰী১, না:স:১)


এ বিহুৰে বতৰত এ চেনাইটি

তুমিও যে না-নাহিলা

তুমিও যে না-নাহিলা

ওৰে দিন মই বাটলৈ চালোঁ |   (...নাৰী১, না:স:১)



জাকৈ ঘুৰাই ঘুৰাই অ মাজনী ঐ

বা বা মোৰে লা-লাহৰী

বা বা মোৰে লা-লাহৰী


জাকৈনো ঘুৰাই ঘুৰাই বা বা |  (..ভূ:হা:১, পু:স:১)


পোৱা কি নোপোৱা অ মাজনী ঐ

দেও নো দৰিকণা

দেও নো দৰিকণা

মনকে ঐ পতিয়াই চাবা |  (..ভূ:হা:১, পু:স:১)



আহোঁতে এইবেলি এ চেনাইটি

চাবানোঁ মোলৈ এ বুলি

চাবানোঁ মোলৈ এ বুলি

যাওঁতে ঐ এইবেলি চাবা |  (...নাৰী১, না:স:১)



বিৰিণা জোপাতে এ চেনাইটি

তামোলো থৈ আ-আহিছোঁ

তামোলো থৈ আ-আহিছোঁ

হেৰাই পালোঁ বুলিয়েই কবা |  (...নাৰী১, না:স:১)



চাঙৰ চিৰা পিঠা অ মাজনী ঐ

আনা মোৰে লা..লাহৰী

আনা মোৰে লা..লাহৰী

দুয়োনো একে লগে খাওঁ  |  

এ কাক বাঁহৰ কৰীয়াত অ মাজনী ঐ

চিৰানো ভৰাই দিয়া

চিৰানো ভৰাই দিয়া

বঙালী মহৰ খুটিলৈ যাওঁ  |



এ বঙালী মহৰ খুটিলৈ যাওঁ |

যাওঁ এ মাজনী ঐ

এ বঙালী মহৰ খুটিলৈ যাওঁ |

এ বঙালী মহৰ খুটিলৈ যাওঁ |   ...(পু:স:)




 
(ইউনিকডীয় ৰূপান্তৰ- প্ৰাঞ্জল বড়া)

No comments: