সেউজী ধানত
সোণৰ
বৰণ নামে
তাৰ মাজৰে
জোনাকী বিলত
পদুম চামে চামে
ফুলে অবিৰামে ৷
কোৰ কটাৰি
হাতত কাঁচি
বিহু-গামোছাত ফুলটো বাছি
আগবাঢ়ি যা কামে কামে
পদুম চামে চামে
ফুলে অবিৰামে ৷
আজি গাঁৱৰ বাটত
হেৰোৱা মনটো ক’ত বিচাৰি পাম
বন গাঁৱলৈ যাম বে বাৰু
মন গাঁৱলৈ যাম ?
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment