অনুসন্ধান আকাংক্ষাত

Friday, August 31, 2012

আমাৰে সখীয়া আকুল বিয়াকুলে



কথা: 

চিত্ৰলেখাই সূদুৰ গুজৰাটৰ পৰা অনিৰুদ্ধক শোণিত্পুৰলৈ মায়াৱী যাদুৰে 

পলুৱাই আনিছে, ঊষাৰ বাবে | ইফালে ঊষাৰ পিতৄ আৰু অনিৰুদ্ধৰ পিতামহৰ,  

শ্ৰীকৄষ্ণৰ মাজত তয়াময়া ৰণ |এই গীতটি অসমীয়া ঠাঁচত লিখি জ্যোতিয়ে জেউতি 

বঢ়াইছে নাটখনিৰ- আমাৰে সখীয়া 

গীত :

আমাৰে সখীয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই

সপোনৰ হাঁহিটি চাই

সপোনত কোঁৱৰে আহুদী আনিলে মতলীয়া সখী আই

অ মতলীয়া সখী আই

আমাৰে সখীয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই

সপোনৰ হাঁহিটি চাই



দিঠকৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই

দিঠকৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই

ফাগুণৰ বতাহে গাতে ছাটি মাৰে, ফাগুণৰ বতাহে গাতে ছাটি মাৰে

গাতে ছাটি মাৰি যায় অ গাতে ছাটি মাৰি যায়

আমাৰে সখীয়াই আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই

অ সপোনৰ হাঁহিটি চাই



চুমা পৰশনৰ যুতি পাই সখীয়াৰ গাতে উৱাদিহে নাই

চুমা পৰশনৰ যুতি পাই সখীয়াৰ গাতে উৱাদিহে নাই

চুমা পৰশনৰ যুতি পাই সখীয়াৰ, চুমা পৰশনৰ যুতি পাই সখীয়াৰ

গাতে উৱাদিহে নাই

অ গাতে উৱাদিহে নাই



আমাৰে সখীয়াই আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই

অ সপোনৰ হাঁহিটি চাই

সপোনত কোঁৱৰে আহুদী আনিলে মতলীয়া সখী আই

অ মতলীয়া সখী আই

আমাৰে সখীয়াই আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই

অ সপোনৰ হাঁহিটি চাই ৷৷



(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ অৰুন্ধতী তালুকদাৰ)


[ জ্যোতিপ্ৰসাদ আগৰৱালদেৱে ৰচা ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত, মূল গীতটো]

No comments: