সেইদিনা ৰাতি
জ্বলিছিলে
অকলশৰীয়া এটি বাতি
মোৰ মন-মণিকূটত
তাৰ পোহৰতে মই
আঁকিলোঁ নতুন ৰেখা
মোৰ গানৰ ধুনীয়া
কপালত ৷
তাৰ পোহৰতে মই
নতুন সোণত দিলোঁ
নতুন বাখৰ
নতুন সাঁচিপাতত আঁকি
নতুন আখৰ ৷
নতুন সোণাৰি-শাল পাতি
নতুন চিত্ৰলেখা মাতি
নতুন নেপূৰ গঢ়ি
নচিবলে’ কলোঁ মই
নতুন মন্ত্ৰ মাতি ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment