অনুসন্ধান আকাংক্ষাত

Thursday, August 30, 2012

অট’ৰিক্সা চলাও



[গুৱাহাটীত অটৰিক্সাৰ প্ৰচলন হোৱাৰ আগতেই হেনো শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱে এই গীতটি গাইছিল ভাতৃ জয়ন্ত হাজৰিকাৰ সৈতে দ্বৈত কণ্ঠত ।]


অটৰিক্সা চলাও

আমি দুয়ো ভাই

গুৱাহাটী কৰি গুলজাৰ

বি‍ই ফেল ম‍ই

সৰু ভাই এমএ পাছ

বেংকত বহুতো ধাৰ

বেংকত বহুতো ধাৰ

ভাইটীৰ নামত আছে পাৰ্মিট

চলাও ম‍ইও একোবাৰ

শিক্ষিত বেকাৰৰ ম‍ই সৰু ভাব

কমপ্লেক্স নাই আমাৰ

ভাইটীৰ এটি মাথো দোষ আছে

জালুকবাৰী প্ৰিয় তাৰ

মোৰ পৰা কেতিয়াবা

অটখন কাঢ়ি কয়

প্ৰিয়া আজি হব পেচেঞ্জাৰ

প্ৰিয়া আজি হব পেচেঞ্জাৰ

.......

ম‍ই সধিলো

তোক বিয়া কৰিব জানো

নহলি যে ত‍ই প্ৰফেচাৰ

সি উত্তৰ দিয়ে

মোৰ প্ৰেয়সীয়ে বুজে দাদা

দিগনিটি অব লেবাৰ

দিগনিটি অব লেবাৰ

দিগনিটি অব লেবাৰ

অৰ্থনিতী দুয়োৰে চাবজেক্ট

এইবাৰ প্ৰেয়সী ফি্ফথ ইয়েৰ

যোৱাবেলি ম‍ই এমএ পাছ কৰিলৈ

লৈছিলো পাৰ্মিট অটৰিক্সাৰ

ভাল কৰিলি ভাই

ভালেই কৰিলি

ভাবী ভাইবোৱাৰীলে আশীষ অপাৰ

হাকিম মন্ত্ৰীৰ চাকৰি বিচাৰি ত‍ই

নহলি যে ভাগ্যে চিৰবেকাৰ

চিৰবেকাৰ



.......

ল বহু ৰাতি হল

নাই কোনো পেচেঞ্জাৰ

সেমেকা বতৰতো দেখো


বৰ জাৰ নাই

(নাই কোনো পেচেঞ্জাৰ)


ৰুগীয়া আয়ে চাগে

ৰখি আছে বাঢ়িলৈ দাইল ভাত

দুয়োৰে আমাৰ

নাই কোনো পেচেঞ্জাৰ

ল বহু ৰাতি হল

নাই কোনো পেচেঞ্জাৰ



......

ৰিফাইনাৰী আৰু জালুকবাৰী

ৰিফাইনাৰী আৰু জালুকবাৰী

লাচিত নগৰ আৰু উজান বজাৰ

ভৰলুৰমুখ আৰু নিজৰাৰ পাৰ

লাচিত নগৰ আৰু ফাঁচী বজাৰ

পন কৰিছো দুয়ো ঘাম পেলাই

পন কৰিছো দুয়ো ঘাম পেলাই

ওভতাম বেংকৰ বাকীখিনি ধাৰ

ওভতাম বেংকৰ বাকীখিনি ধাৰ



.....

অটৰিক্সা চলাও

আমি দুয়ো ভাই

গুৱাহাটী কৰি গুলজাৰ

বি‍ই ফেল ম‍ই

সৰু ভাই এমএ পাছ

বেংকত বহুতো ধাৰ

সধিলো তোক বিয়া কৰিব জানো

নহলি যে ত‍ই প্ৰফেচাৰ

সি উত্তৰ দিয়ে

মোৰ প্ৰেয়সীয়ে বুজে দাদা

দিগনিটি অব লেবাৰ

দিগনিটি অব লেবাৰ

দিগনিটি অব লেবাৰ



(ইউনিক'ডীয় ৰূপান্তৰ- দীপা ডেকা)

No comments: