সোণতৰা তোৰ সোণৰ হাঁহিটি
ৰূপতৰা তোৰ ৰূপৰ পাহিটি
মোক নালাগে
লাগে মোক, লাগে মোক
মনৰ
প্ৰাণৰ
দুখ বেজাৰৰ
চকু-টোপোলাটি ৷
নেলাগে তোৰ সোণৰ হাঁহি ৰূপৰ
পাহিটি ৷
চকুপানীত থকা সাধু
গানে গানে গাম
সেই সাধু কৈ দেশে দেশ যাম ৷
মোৰ কবিতাৰ মালা গাঁথিবলৈ
ধুনীয়া ধুনীয়া
অলেখ মুকুতা পাম ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment