অনুসন্ধান আকাংক্ষাত

Sunday, August 19, 2012

ৰাইজ আজি ভাৱৰীয়া দেখেই নাটঘৰ

ৰাইজ আজি ভাৱৰীয়া দেখেই নাটঘৰ

কোনে কি ভাও লবা .. আহা সময় যে তাকৰ !

ৰাইজ আজি ভাৱৰীয়া দেখেই নাটঘৰ

কোনে কি ভাও লবা .. আহা সময় যে তাকৰ!




আখৰা নেলাগে ! নেলাগে পোচাক !

নঙঠা হৈ আহা..

ভোকাতুৰ পেটতে গামোচা বান্ধি

উন্মাদ হৈ আহা..


তেহে ৰহণ চৰিব নাটৰ.. !


তেহে ৰহণ চৰিব নাটৰ.. !


কোনে কি ভাও লবা আহা সময় যে তাকৰ

ৰাইজ আজি ভাৱৰীয়া দেখেই নাটঘৰ

কোনে কি ভাও লবা আহা সময় যে তাকৰ ৷




পৰিচালকক সুধিবৰ হ'ল

মুখাৰে কিমান ঠগিবা .. !

টেক্‌নিক্‌ ভৰা নাটেৰে কিমান

নাতনিৰ নাট মেলিবা !

সংলাপ নেলাগে মিঠা ভাষাৰ

আৰ্তনাদেৰেই কোৱা

দুষ্টজনকে চেতনাৰে যুঁজি

বীৰৰ যোগ্য হোৱা


তেহে ৰহণ চৰিব নাটৰ !


তেহে ৰহণ চৰিব নাটৰ !


কোনে কি ভাও লবা আহা সময় যে তাকৰ

ৰাইজ আজি ভাৱৰীয়া দেখেই নাটঘৰ

কোনে কি ভাও লবা আহা সময় যে তাকৰ

ৰাইজ আজি ভাৱৰীয়া দেখেই নাটঘৰ

কোনে কি ভাও লবা আহা সময় যে তাকৰ ৷৷




(ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ  → দিগন্ত শইকীয়া )

1 comment:

Anonymous said...

দেশেই নাটঘৰ