সোণৰ হৰিণা খেদি
কোনে গলি আন্ধাৰৰ বাটে
কোনে
বিচাৰিলি জীৱনৰ ধন
নোপোৱাৰ ঘাটে ঘাটে.....
নেদেখিলি
মোক
বীন বাই যোৱা
পোহৰৰ বাটে বাটে ৷
তোৰ
সোণৰ হৰিণা
হেৰাব আন্ধাৰত
ঘূৰি
আহি তই
গলে মোৰ বাটে
পাবি, পাবি পোহৰত ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
০৪/১০/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment