সেউজীয়া ধাননিত
সোণৰ
আখৰবোৰ
কোনে লিখিলি ?
কুমলীয়া বননিত
মুকুতাৰ চকুপানী
কোনে টুকিলি ?
এদিনীয়া দিঠকত
সপোনৰ মায়াজাল
কোনে তৰিলি,
পদুম ফুলাই যোৱা
আপোনাৰ খোজেৰেই
নিজে নিজে ধৰা পৰিলি ৷
অৰূপত জুৰি আছ
মোৰ সখা সুন্দৰ
ৰূপৰ ওৰণি পিন্ধি
খেলা খেল জীৱনৰ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment