অনুসন্ধান আকাংক্ষাত

Thursday, August 2, 2012

সাজু হ সাজু হ নৱ জোৱান (নাটক: লভিতা)



সাজু হ ,সাজু হ, নৱ জোৱান !

সাজু হ ,সাজু হ, নৱ জোৱান !

তই কৰিব লাগিব অগ্নিস্নান ৷



          জীৱন যৌৱন

          কৰি প্ৰাণপণ

                   ৰাঙলী কৰি দে ৰণাঙ্গান

জয়-শঙ্খ বজা

                   পৃথিৱী কঁপাই

          অত্যাচাৰকো কৰি বৰণ

স্বাধীনতা ধন

নতু মৰণ

          লোহাৰে শিলেৰে

                   বান্ধি ল মন ৷



বজ্ৰকণ্ঠে বিশ্বক শুনা

          সত্যৰ জয়গান

বুকৰ তেজেৰে ধুই দে আজি

          ভাৰতৰ অপমান ৷

সাজু হ ,সাজু হ, নৱ জোৱান ৷৷



এই গীতটো গাওতে সাধাৰণতে "তই কৰিব লাগিব অগ্নিস্নান"ৰপৰা আৰম্ভ কৰা হয় ৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: