মোৰ
ফুলনিৰে অ’
গুটিমালিটি
কিহৰে বোলালি তোৰ
বগা
পাহিটি ?
কৰবাৰ পৰা যে
উৰি
আহে হালধীয়া
কুলি
মুলি অকমানি পখীটি
তাৰ ঠোঁটত সেন্দুৰ সনা আছে
তোৰে
কাশতে আহি
পাখি
মেলি নাচে
ৰঙা মৰমে তাৰ
বোলাই
দিলেহি নেকি
তোৰ
বগা পাহিটি
অ’ গুটিমালিটি !!
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment