মোৰ সুৰে
মোৰ সুৰে
তোক
চুমা খোৱা
তই কব পাৰনে ?
মোৰ গানে
মোৰ গানে
তোৰ কাণে কাণে
গোপনে
কথা কোৱা
তই শুননে
শুননে ?
মোৰ ছন্দই লয়লাসে
তোৰে আশে পাশে
ঘূৰি ফুৰি
তোৰ চকুৰ পাহিত
কঁপনি তোলা
কব পাৰনে ?
মোৰ গানৰ সুৰৰ
ছন্দৰ আঁৰে আঁৰে
ময়ো যে যাওঁ তোৰ কাষলে
মোৰ বেদনাৰ বীণ বাবলৈ
তই জাননে ?
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment