অনুসন্ধান আকাংক্ষাত

Sunday, July 29, 2012

মোৰ যে জীৱনে বেজাৰৰ



মোৰ যে জীৱনে

বেজাৰৰ ফাকু খেলে

মোৰ যে জীৱনে

বেদনাৰে পাহি মেলে,

মোৰ যে গানে

হৃদয়ে হৃদয়ে আনন্দ হৈ ফুলে

মোৰ যে সুৰে

          কত দুখিতৰ চকুপানী হৈ জ্বলে ৷



মোৰ যে প্ৰাণৰ চাকিটিয়ে

          মোকে উজ্বলাই তোলে

মোৰ লেখনীয়ে

          তোৰ ছবিখনি

                   বোলাই কতনা বোলে ৷৷           


(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: