মোৰ এটা গান
তোৰ
পদূলিত গৈ
দিনটো
আছিল ৰৈ
মনটো
বেজাৰকৈ ৷
তোক যে কিমান ভাল পাই সি
তাকে
কবলৈ ৷
তই আহি তাক মাতিলতো
সি
যে নাপালে চিনি
ঘূৰি
আহিল মোৰ ঘৰলৈ
কিবা
গুণি গুণি ৷
চকুৰ চিনাকি নাই
প্ৰাণৰ
মনৰ চিৰ চিনাকিকো
দেখিও
চিনি নাপায় ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
১২/০৯/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment