অনুসন্ধান আকাংক্ষাত

Monday, July 16, 2012

মোৰ গানত জ্বলে তোৰেই মনৰ জুই



মোৰ গানত জ্বলে 

         তোৰেই মনৰ জুই     
  
মই সেই জুইৰেই চাকি জ্বলাই

          তোৰ শিতানত বহি থাকো

                    তই থাকোতে শুই ৷


তোৰ টোপনিৰ সপোনবোৰত

         মোৰ চাকিৰ পোহৰ পৰে

(তোৰ) নিজিলিকা মনৰ ছবি

          উজ্জ্বল সুজ্জ্বল কৰে

সাৰ নোপোৱা সপোনবোৰে

           মোৰ চাকিটোৰ জিলিকনিত

                    অময়া ৰূপ ধৰে ৷


সেই সপোনৰ জলক্‌ লাগি

            মোক বিচাৰি আই

            মোক চিনি নাপাই হাঁহ ৷৷       


(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ১২/০৯/১৯৪৯)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: