মোৰে
জীৱনৰে সখা কৃষ্ণ তই
মোৰে
জীৱনৰে সখা কৃষ্ণ ৷
মোৰে
জীৱনৰে সখা কৃষ্ণ তই,
বজাৱ কি সুৰে বেণু ৷
কপালতে
তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু ?
পুৱতি
নিয়ৰে, সানে চৰণতে
শুকুলা মুকুতাৰ ৰেণু
অ’
তোৰ শ্যামল গাতে কোনে
চন্দন পিন্ধালে
অ’
তোৰ ফুল কুমলীয়া তনু
বজাৱ সোণৰে বেণু কৃষ্ণ তই
বজাৱ সোণৰে বেণু ৷
সুৰৰে জিঞ্জিৰি পিন্ধালি মোক
সুৰৰে জিঞ্জিৰি ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment