বগা তগৰৰে পাহি
বগা তগৰৰে পাহি
তাতে আঁকবাক পখিলা
পৰিলে লাহি
ৰঙা ৰেৱতীৰে হেঙুলি হাঁহি ৷
কেতেকীৰ ৰেণুৰে বোলে গ’ল
ভোমোৰা কলীয়া
হলে হালধীয়া....
উৰিকি ঘূৰিকি
ৰজাই বনৰীয়া বাঁহী ৷
বিৰিঙাৰ পাততে সুৰে
সুহুৰিয়াই
আলাসতে গ’লে ভাহি ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ১১/০৯/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment