হালধীয়া
চৰায়ে
গান গাব নেজানে
কন্দাকৈ সুহুৰিয়ায়,
ক’ৰবাৰ
কিবা সুৰে
তাৰ
বুকু ভাঙিলে
ফুৰোতে আপোনাৰ
লগ হেৰুৱাই ৷
আন্ধাৰত
বিচাৰ
জোনাকত
বিচাৰ
বিচাৰ
ফুলনিত মোৰ
হেৰ
অকলশৰীয়া
লগৰী হেৰোৱা
মোৰ
গানেৰে সুৰেৰে
মচি
দিওঁ চকুলো তোৰ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment