ফুলৰ পাহিত
কোনে থৈ গলি
এটুপি চকুৰ পানী
পুৱাৰ পোহৰে
আহি চুমা খালে
বেলিৰ মৰম সানি
চুমা-চেনেহতে পমি নাইকীয়া হ’ল
বেজাৰে মৰমে
দুয়ো লগে লাগি
থিতাতে ময়াপী ইযে কি আপুনি
আলাসতে উৰি গ’ল ৷
বেজাৰৰ সোণতে মৰম মুকুতাইয়ে
আলসুৱা ৰূপ ধৰে
চকুলোটুপিয়ে পোহৰে উমলি
পৃথিৱী ধুনীয়া কৰে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত;তামোলবাৰী,
২৮/০৮/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment