মোৰ সাধনাৰ
চাকি
জ্বলাই
তোকেই বিচাৰি ফুৰোঁ
মোৰ বেদনাৰ
ফুল তুলসীৰে
তোৰেই পূজা কৰোঁ
মোৰ পূজাৰ ধূপৰ
সুগন্ধই
মোকে বিভোল কৰে
মোৰ চাকিটোৰ
পোহৰ পৰি
মোৰেই জেউতি চৰে
মোৰ সাধনা জিনি
তই জ্বলিছ
তোৰেই অসীমতে
সীমাৰ মাজত
মই বিয়াকুল
তোৰেই মৰমতে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment