নীল সাগৰৰ
সমীৰণে
বাট হেৰুৱাই আহি
মোৰ পদূলিৰ
বকুল তলত
আছিল হাঁসি হাঁহি ৷
মোৰ পুৱাৰ
সুৰে
নুফুলা ফুলক সাৰ পোৱালে
পাৰে পাৰে ফুৰে ৷
অচিনাকি
সমীৰণক দেখি
আলেখ লেখ লেখি
থাকিলে লাগি থৰ
সমীৰণে
সুধিলে বোলে
হয়নে বাৰু এইখনিয়েই
ফুলকোঁৱৰৰ ঘৰ
মই আনিছোঁ কোঁৱৰলৈ
সাতো সাগৰৰ
বাতৰি মৰমৰ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment