অনুসন্ধান আকাংক্ষাত

Thursday, July 12, 2012

বিশ্ববিজয়ী নৱ জোৱান (নাটক: লভিতা)


         (সমদল গীত)


বিশ্ববিজয়ী নৱ জোৱান

          বিশ্ববিজয়ী নৱ জোৱান

শক্তিশালিনী ভাৰতৰ

          ওলাই আহাঁ, ওলাই আহাঁ

                   সন্তান তুমি বিপ্লৱৰ ৷


সমুখ সমৰ সমুখতে

          মুক্তি যুঁজাৰু হুঁচিয়াৰ

মৃত্যু বিজয় কৰিব লাগিব

          স্বাধীনতাৰ খুলি দুৱাৰ ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: