ভুলকে’ কিয় মোৰ গানটো গালি ?
মোৰ ফুলনিত
গোন্ধ শেৱালি নেপালিনো
কিয় বাৰু
সোণশেৱালি পালি ?
ভুলকে’ কিয় মোৰ মনটো চালি
ছন্দটো মোৰ ভুল কৰি যে
নাচ হালি জালি ৷
তোৰ ভুলত
সোণমূলীয়া তান
অচিনাকিক চিনি নোপোৱাৰ
জ্বলে অভিমান
তোৰ ভুল দেখি মই
বিভোল হৈ যাওঁ
তই ঘূৰাই ভুল কৰিলে
ইমান ভাল পাওঁ ৷
তোৰ ভুলৰে, ফুল বছা মোৰ
গানটি ময়েই
মনে মনে গাওঁ
তই ভুল কৰি মোৰ গান গাবলৈ
দিনৌ বাট চাওঁ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; সপ্তমী পূজা,
০৯/১০/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment