পুৱাৰ বকুল বুটলি
অ’ সোণৰ পুতলি
পুৱাৰ বকুল বুটলি ল’ ৷
মোৰ থাপনাত নথবি
তোৰ থাপনাত নথবি
খোপাতে তোৰ
মালা
পিন্ধি ল’ ৷
বকুল সৰা বননিত
কি
দেখিলি ক’
আমোলমোলাই
যোৱা গোন্ধৰ
ৰাতিপুৱাৰ
সোণৰ ৰ’দৰ
গুণগুণনিত
কি শুনিলি
মোৰ,
গানত লিখি থ’ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
০৪/১০/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment