মোৰ
দেশৰে
কোন ল’ৰা তই
মোৰ ঘৰলৈ নাহ’
মোৰ
গানৰ ভাষা
প্ৰাণৰ আশা
নুবুজি যে
উপলুঙাকৈ
হাঁহ
মোৰ ঘৰলৈ
নাহ’ ৷
দেশ
বিদেশৰ
বৰ কিতাপত
মোৰ ছবিটো নাই
আন
কোনোবাই কৈ নিদিলে
মোৰেই ঘৰৰ
মোৰেই দেশৰ
মানুহ কিয়
মোকেই চিনি
নাপায় ?
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment