মোৰ
পূজাৰ পদুমে
এদিন উচুপি ক’লে
মুকুতা
ধুনীয়া দুধাৰি চকুলো বলে
এদিন উচুপি ক’লে
৷
মোক
কোনে থ’লে
অকলে অকলে
সোণৰ শৰাইত কান্দিবলে’
তোৰ গানৰ লগত
সুৰৰ লগত
মোৰ সুৰভি গ’লে
দূৰৰ আকাশলে’ ৷
মই
ক’লোঁ তাক,
তই কেনেকৈ অকলশৰীয়া
মই
গান হেৰোৱা
সুৰ হেৰোৱা
তোৰেই দৰেই
অকলে থকা
তোৰে লগৰীয়া
তই কেনেকৈ অকলশৰীয়া ?
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment