অনুসন্ধান আকাংক্ষাত

Tuesday, July 10, 2012

পৃথিৱী ধুনীয়া কৰিব লাগিব



পৃথিৱী ধুনীয়া কৰিব লাগিব, .... তই

          চকুৰ পানীৰে, বুকুৰ তেজেৰে

                   কবিতা লিখিছোঁ মই

মোৰ বৈজ্ঞানিক লিখনীডালিত

                   জুই চিঁয়াহীৰে ভৰা

লিখনীৰ সেই মুখৰপৰা

                   উফৰি পৰিছে তৰা

কল্পনাযোগী মোৰ মনে আজি

                   ভাঙিছে পুৰণি ঘৰ

          নতুন সৃষ্টিৰ কমাৰ শালত অগ্নি ভয়ঙ্কৰ

            ভূমিকম্পক কৰি আনিছোঁ প্ৰধান খনিকৰ ৷


হেৰ নতুনৰ পোহৰ পৰা লৰা

          হেৰ ছোৱালী বুকু সেউজীৰে ভৰা

          তোৰ চকুৰ মণিত জ্বলিছে যুগান্তৰ

তোৰ মনলে নামিছে সৌৱা

          নতুন দিনৰ

                   নৱতম খনিকৰ ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: