যেতিয়া ভাগিব সভা
মুখৰিত মোৰ, গান নিচুকিব,
শুদা হৈ যাব ৰভা,
তেতিয়াও তই
থাকিবিনে ৰৈ
মোৰ লগৰীয়া হৈ ?
অকলে অকলে
তাতে বহি মই
প্ৰাণৰ কথাটি ক’ম
মোৰ মৰমৰ চন্দন সানি
সেই নিজানত
সেই বিজনত
কোনো নথকা, সেই গোপনত
বুকুত সুমাই
আপোনাৰ কৰি ল’ম ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment