শিল্পীদলৰ ফুলসবাহ
ফুলৰ মৰম কোনে বুজি পাৱ
আহ্ সুৰে সোনকালে আহ্ ৷
তাত সুৰে ৰূপ ধৰা চাবি
নতুন গানক লগ পাই
তাতে তয়ো গৈ
প্ৰাণতে মৰহা
মনতে মৰহা
কথাটি গানেৰে গাবি ৷
তোৰ কথাটি ভাঙি পাতি কবি ৷
তাত সপোনক দেখিবি
ৰূপ দিঠকত
দিঠকক দেখিবি
ছয়াময়া সপোনত
তাত ছায়াই কায়া ধৰে
কায়া ছায়া হৈ আকাশে আকাশে উৰে ৷
তাত গাভৰুৱে আগেয়ে নবছা নতুন
চানেকি বাছে
চকুপানীয়ে ৰূপ ধৰি প্ৰলয় তাণ্ডৱ
নাচে
নৰকঙ্কালে নবীন যৌৱন পায়
নকৈ পৃথিৱী চায়
৷
তাত নগৰ সাগৰ হয়
সাগৰ নগৰ হয়
তাত জোন তৰা বেলি
নীহাৰিকা ফুলি জ্বলিছে জ্যোতিৰ্ম্ময়
মন্ত্ৰ উঠিছে ফুকাৰি ফুকাৰি
চিৰসুন্দৰৰ জয় ৷
তাত জনজীৱনত কবিতা ফুলিছে
পৃথিৱী আলোকময় ৷
তাত দুষ্কৃতিৰে সংঘাত জাগে
সংস্কৃতি জয়
জয় ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment