শিল্পী তোৰ মনত আছিল
ন জীৱনৰ ছবি
শিল্পী তোৰ প্ৰাণত আছিল
ন সপোনৰ কবি
ছবিয়ে কবিয়ে সখি পতাই
একেটি হৈ ৰ’ল
এটি জ্যোতি হ’ল ৷
ছবি অঁকা শিল্পী কবিৰ গান
শুনিবি
পৃথিৱীৰ যি নুফুলি আছ শিয়ঁৰি
ফুলিবি ৷
আজি, ফুলিবলৈ’ নোপোৱাৰ বসন্ত চুমা মাগক ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment