অনুসন্ধান আকাংক্ষাত

Monday, July 9, 2012

লখীমপুৰৰ ৰঙা নদীৰ


লখীমপুৰৰ 

ৰঙা নদীৰ

          পাৰে পাৰে

          ভৰিত সাৰে

          হাতত সাৰে

          বনকুঁৱৰী কি বিচাৰ

                   বাৰে বাৰে

          লখীমপুৰৰ ৰঙা নদীৰ পাৰে পাৰে ৷


তোৰ কৰণিত, ন ফুলনিৰ

তোৰ বননিত, কোন হৰিণীৰ ৰূপে জলক্‌ মাৰে

বনসুৰীয়া কথা পাত

          ঠাৰে চিঁয়াৰে, কাৰে কাৰে ?



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী, ০৮/১০/১৯৪৮)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: