মই লিখা মোৰ ৰেডিঅ’ৰ
সোণ পুৱতিৰ গানে
অৰুণ হাঁসিৰ
কৰুণ চুমা
গাতে সানি আনে ৷
বিজুলীবাই আকাশেদি আহে
বিদায় লোৱা পুৱাৰ তৰাৰ
মনৰ বেজাৰ... গোপনৰ... সপোনৰ
আহিল জ্বলি মোৰ গানৰে প্ৰাণে
প্ৰাণে
মই নজনা কথা..ক’লে
কাণে কাণে
.... মই লিখা মোৰ ৰেডিঅ’ৰ
সোণ পুৱতিৰ গানে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
০৫/১০/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment