মোৰ
দেশৰে ধুনীয়া ছোৱালী
তোৰ মুখখন তই
ধুনীয়াকৈ আঁক’
লুইত
দাপোনত
মুখখনি চাই
আপোন মনে হাঁহি হাঁহি
বুকুৰ মৰম সেউজী বনত
বাক’
মোৰ
গানৰ সুৰৰ
পখিলাবোৰ উৰে
তোৰ
ধুনীয়া খোপাত পৰে
তোৰ জেউতি চৰায়
তোক গুচাই ৰূপকুঁৱৰী
কৰে
তই উমান
নাপাই বাটে
বাটে
যাৱ ৷
তোক
শুৱনী কৰা খনিকৰক
আগতে দেখিও চিনিকে নাপাৱ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment