অনুসন্ধান আকাংক্ষাত

Monday, July 30, 2012

সাঁচি নথবি চকুত চকুপানী



সাঁচি নথবি চকুত চকুপানী

লুকাই নথবি

          তিনিও ভুবন বিচাৰি পৱা মণি ৷



চকুপানীক দে পঠিয়াই

          গানৰ কোলাত তুলি

          ঘৰে ঘৰে আনন্দ হৈ সি উঠিব ফুলি ৷



    যি মৰকত

    যাৰ জলকত

                   জগত পোহৰ হ

    নিজৰ ঘৰত লুকুৱাই থলে

                   তাৰ গানটি বিফলে যাব ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত বন্ধু আৰু সতীৰ্থ কমলেশ্বৰ চলিহাবলৈ; ০২/১০/১৯৪৮)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: