মোৰ শুৱনী গাঁওখনৰ
বাঁহ বনৰ
তলৰ জোনাক পৰা আলি
তাত জোনাক পোহৰ
মিলি
ধৰে ম’ৰা চালি ৷
সেই বাটেদি মই ফুৰিলোঁ ৰাস
পূৰ্ণিমা ৰাতি
মনত লাগি ইছাটি
বিছাটি
কেতেকীয়ে বিনাই আছিল মাতি ৷
বাঁহ বননিত
লাগিল উগুল থুগুল
সেই আন্ধাৰৰ
সেই জোনাকৰ মিলন জানো ভুল ?
কিয় তেনে মোক কৰিলে
ইমান বিয়াকুল ?
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
০৮/১০/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment