বিশ্ব সভাত
গান
গাবলৈ
কোন যাবি কোন যাবি
জন পূজাৰ
মনৰ কাজল পিন্ধি আহিবি ৷
খোপাতে তই পিন্ধি লবি
নতুন আমৰ মল
মাটিৰ ঘটত ভৰি লবি
সেৱাতীৰ্থ জল
বুকুতে তই লবি আঁৰি
নতুন ফুলৰ সাতেসৰী
নতুন ভাবৰ
বাখৰপতা
জোনবিৰি তই পিন্ধি
নতুন আশাৰ
অগ্নি ভাষাৰ
গান শুনাবি
৷
জন পূজাৰ
মনৰ কাজল পিন্ধি আহিবি ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment