পোহৰৰ ফোঁট
পিন্ধি কপালত
কিনো বিচাৰি আহ’
মই সুধিলে
ভাষা পাহৰি
ৰঙা নপৰি... হাঁহ’
নতুন দিনৰ অ’ গাভৰু
কাণত পিন্ধি মোৰ কবিতাৰে কেৰু
হাতত পিন্ধি মোৰ
অকোৱা পকোৱা খাৰু ৷
আৰু মোৰ যে একোকে নাই
এতিয়া দিওঁ সুদা হাতেৰে
কেনেকৈ পঠিয়াই !
অৱশেষ আছে জগতখনকে ভালপোৱা
মোৰ প্ৰাণ
তাকে দিলোঁ তোক দান ৷
মনৰ সজাত থবি
মনৰ সজাত থবি
তাৰ গান শুনি
বিশ্বখনকে আপোনাৰ কৰি লবি ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
২৯/০৮/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment