মোৰ
জনা কথাৰ গানটিয়ে
মোৰ নজনা-কথাৰ গানটিৰে
সখি পতালে
জনা নজনাৰ
চাকি জ্বলাই
মোৰ জীৱনৰ ৰূপ
সলালে ৷
মোৰ
জনাৰ গানে
নজনাৰ গানক
নিতৌ প্ৰশ্ন কৰে
নজনাৰ
গানে
চকুৰ আগত
নেদেখা নুশুনা নুবুজা আখৰ
দাঙি দাঙি ধৰে
মোৰ প্ৰাণেৰে মাথোঁ বুজো বুজো
কৰে
৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment