মোৰ
বীণত বজা—তোক জগোৱা গানে
তোক জগোৱা গানে
তোৰ মনলে মোৰ ভাষাটি
তোৰ প্ৰাণলে মোৰ আশাটি
আনে .... আনে
আনে জানো আনে ?
মই
তোৰ কাষত বহি থাকোঁ
মোৰ সোণ মৰমৰ সুৰৰ লহৰ
দিনে দিনেই বাকোঁ
তই শুই থাকোতেই তোৰ
ভাবী জীৱনৰ
ৰামধেনু ৰঙৰ
কত ছবি
তই চাবলৈ
নতুন চিনলৈ—তই যাবলৈ
মই, ধুনীয়াকৈ আকোঁ ৷
তই
সাৰ পাই যদি মেল চকুপাহি
পদুম ফুলাৰ দৰে
তেনে
মোৰ
গানৰ আঙনি
সিঁচি সিঁচি যাবি
সাৰ নোপোৱাৰ ঘৰে ঘৰে
৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ২৭/০৮/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment