সপোনৰ দৰে বাস্তবো গুচি যায়
এই আছে
এই নাই
এই নাচে এই গায়
আন্ধাৰতে মিলি মিলি যায় ৷
কত সপোনে আকুলি বিকুলি
বিশ্বভুৱন ঘূৰে
মাটিৰ কোলাত ফুলিবলে’
দুৱাৰে দুৱাৰে ফুৰে ৷
নেদেখা সপোন
নুবুজা সপোন
নভবা সপোনবোৰে
মোৰ টোপনিৰ মন চুৰ কৰি
তৰাৱলী নিশা
উৰে
আজি সপোনৰ ছায়াছবিয়েই
কালি দিঠকৰ
কায়া
আজিৰ দিঠকে সপোন সাৱটি
ধৰে অভিনৱ মায়া ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment