অনুসন্ধান আকাংক্ষাত

Saturday, July 21, 2012

মোৰ গানৰ সতে তোৰ



মোৰ গানৰ সতে তোৰ

                    সুৰৰ চিনাকি

          সেইহে মোৰ জীৱনত জ্বলিল জোনাকী ৷


ইমান চিনাকী হৈও তই

          অচিনাকী হৈ

                   নিতৌ পুৱতি আহ

চিৰ চিনাকী নিচিনিলোঁ বুলি

          মিচিকি মিচিকি হাঁহ

চিনা নিচিনাৰ

          খেলা পাতিলো কতনা কালৰে পৰা

জীৱনে জীৱনে লুকা-ভাকু খেলি

          আজিহে পৰিলি ধৰা ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী, ১১/০৯/১৯৪৮)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: