অনুসন্ধান আকাংক্ষাত

Sunday, July 22, 2012

মোৰ গানে গানে জ্বলে যদি



মোৰ গানে গানে

                জ্বলে যদি জুই সোণবৰণীয়া

ফুলে যদি ফুল পোহৰ-ধুনীয়া

                তই জানো ৰৈ শুনিবি ?


মোৰ দূৰে দূৰে ফুৰা অতিথি

মোৰ মনে মনে অহা সখিটি

মোৰ সুৰে সুৰে যদি

                বাজে অহৰহ

                মোৰ প্ৰাণৰ নিমন্ত্ৰণ

          ছন্দত যদি উঠে ঝঙ্কাৰি

মোৰ জীৱনৰ আকুল আমন্ত্ৰণ

          তই জানো বাৰু আহিবি ?



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: