প্ৰণতি প্ৰণতি প্ৰণতি
নৱ
জনজীৱনৰ
অভিনৱ জ্যোতি
প্ৰণতি প্ৰণতি প্ৰণতি ৷
আজি সুৰে সুৰে জাগ
জনতাৰ আশা
কণ্ঠে কণ্ঠে জাগ সংগ্ৰামী
দলিতৰ
দুৰ্ম্মদ ভাষা ৷
ঝঙ্কৃত নৱ জনজীৱনৰ ছন্দ
ফুলি উঠ*
ফুলি উঠ*
সাম্য সংস্কৃতিৰ*
বিশ্বউজলা অৰবিন্দ ৷*
নতুনৰ জুই জ্বল দীপান্বিতা
পাতি
মনে মনে প্ৰাণে প্ৰাণে
পূৰ্ণিমাৰ জোনাকৰে
বিকশি, প্ৰকাশি উঠে জনপ্ৰগতি ৷
শিল্পীৰ প্ৰতিভাৰে, নতুন
ৰঙেৰে আঁক
নৱতম পৃথিৱীৰ ছবি
কবিয়ে গানে গানে নতুন
ভৱিস্যৰ
আধাবুজা
কথাটি কৰি ৷
তৰুণ তৰুণী যত জ্যোতি পূজাৰী
আন্ধাৰক জিনিবলে’
জনতাৰ সমৰৰ
প্ৰথম ৰণুৱা দল হৈ
লৈ ব’ল জনতাক
পোহৰলৈ
পোহৰলৈ
পোহৰলৈ ৷৷
--------------------------------------------------------
·
* পাঠান্তৰ: ফুলি উঠা
§
ফুলি উঠা
§
জনতাৰ
সংস্কৃতিৰ
§
নৱ
অৰবিন্দ
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment