শিল্পীয়ে আজি
ছবি
নেআঁকি
লিখিছে
কবিতা
সেইহে জ্বলিছে ভাষা আকাশত
সোণৰ সবিতা ৷
শিল্পীয়ে আজি লিখিছে কবিতা ৷
সেই কবিতাত, জ্বলে বিশ্বছবি,
নীহাৰিকা,
জো,তৰা,ৰবি.
সেই কবিতাত সাৰ পাই উঠে
স্বৰ্গ ৰেখা.... নতুন
স্থাপত্যৰ
সেই কবিতাত জনম লয়...
বটালিটো
নবীন ভাস্কৰৰ ৷
সেই কবিতাত গানে সুৰে
কত বিৰহীৰ বুকু পোৰে
অছন্দৰে
বিছন্দৰে
গুণা-গঁথা ছন্দৰে
অভিনৱানন্দৰে
কঁপাই জগাই শিঁয়ৰাই
প্ৰাণটি মৰতৰ
ঢৌ তুলি যায় জ্যোতি-সঙ্গীতৰ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment